বিজনী আছুৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ

 08/18/2019 - 20:35

বিজনী: চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ১নং ছাতিয়ানগুৰী প্ৰাথমিক বিদ্যালয়ত আজি ভেটাগাওঁ শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু GNRCৰ সহযোগত এক বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰ অনুষ্ঠিত হয়। চিকিৎসা শিবিৰত চাৰি শতাধিক ৰোগীয়ে স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও GNRC ৰ চিকিৎসক ড°নীলজ্ঞনা, দীপক দাস, ড° উদয় বৰা, ড° হেমন্ত ফুকন কে ধৰি কেবাজনো বিশেষজ্ঞ চিকিৎসকে চিকিৎসা প্ৰদান কৰে৷ লগতে বিনামূলীয়া শিবিৰত হাৰ্ট, চকু, দন্ত, ই.চি.জি,পৰীক্ষা কৰা হয় । লগতে ৰোগীৰ স্বাস্থ্য পৰীক্ষা আৰু অন্যান্য স্বাস্থ্য বিষয়ৰ বিনামূলীয়াকৈ প্ৰয়োজনীয় ঔষধ বিতৰণ কৰা হয়। উক্ত বিনামূলীয়া চিকিৎসা শিবিৰৰ শুভ উদ্বোধন কৰে বিজনীৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি দিঠকানন্দ হাজৰিকাই। লগতে, সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্য্যবাহী সদস্য পাৰ্থজিৎ ৰায়, আছুৰ সদস্য সকলক বৃহত্তৰ ছাতিয়ানগুৰী অঞ্চলৰ স্থানীয় লোকে এই পদক্ষেপৰ বাবে কৃতজ্ঞতা জনায় ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।