সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ আহ্বানত অনির্দিষ্ট কালীন চিন্তন ধৰ্মঘট

 08/19/2019 - 13:09

জাগীৰোডঃ মৰিগাঁও জিলাৰ জাগীৰোডৰ আমলিঘাটস্থিত সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ আহ্বান মৰ্মে অনুষ্ঠিত হোৱা অনির্দিষ্ট কালীন চিন্তন ধৰ্মঘটে দেওবাৰে তৃতীয় দিনত ভৰি দিছে যদিও এতিয়ালৈকে অসম চৰকাৰৰ কোনো জনপ্ৰতিনিধি অথবা কোনো আমোলা বিষয়া ধৰ্মঘট স্থলীত উপস্থিত নোহোৱাত অসম চৰকাৰৰ খলুৱা বিৰুধী চৰিত্ৰৰ বিষয়ে স্পষ্ট ছবি ওলাই পৰিছে, এই অনিৰ্দিষ্ট কালীন ধৰ্মঘট কাৰ্যসূচীত অসমৰ নগাঁও, যোৰহাট, গোলাঘাট, নলবাৰী, বৰপেটা জিলাৰ লগতে মৰিগাঁও, বাক্সা জিলাৰ দুগ্ধ উৎপাদক সংঘ সমূহৰ লগতে ব্যৱসায়ী সকলে পূৰ্ণ সহযোগিতা আগবঢ়ায়।

উল্লেখযোগ্য যে, অসমৰ সকলোবোৰ দুগ্ধ উৎপাদক সমবায় সমিতিৰ ব্যৱসায় আৰু উদ্যোগীকৰণৰ সম্ভাৱনা ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন নিগমৰ লগত অসম চৰকাৰ আৰু পূৰবী ডেইৰীয়ে ত্ৰিপাক্ষিক চুক্তিৰ বলত তথাকথিত পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ (WAMUL)অৰ্থাৎ পূৰবী ডেইৰীয়ে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন নিগমৰ সহযোগত অসমৰ সমবায় আইনকো বৃদ্ধাংগুষ্ঠ দেখুৱাই থলুৱা সমবায় সমূহৰ এলেকাধীন অঞ্চলসমূহত বিধি বহিৰ্ভূত বহু সংখ্যক দুগ্ধ উৎপাদক গোট (MPI) গঠণ কৰি মধ্যভুগীৰ জড়িয়তে থলুৱা সমবায় সমূহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি সমবায় সমূহক দুৰ্বল কৰি নিঃশেষ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ।

আনহাতে এই চুক্তিৰ বলত থলুৱা দুগ্ধ উৎপাদক সমবায় সংঘ সমূহে নিজাববীয়াকৈ দুগ্ধ প্ৰসংস্কৰণ প্ৰকল্প স্থাপনৰ ক্ষেত্ৰতো নিষেধাজ্ঞাৰ সন্মুখীন হব লগা হৈছে, পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ (WAMUL)ৰ নামত অসমৰ ৰাইজৰ বাবে এই ধৰণৰ সকলো সিদ্ধান্ত সুদুৰ গুজৰাটৰ পৰা নিয়ন্ত্ৰিত আদেশৰ ওপৰত ভিত্তি কৰি আৰোপিত হয়, অসমৰ গো কৃষক পৰাধীনতাৰ এই দুচক্ৰৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰৰ ফালৰ পৰা যথোপযুক্ত হস্থক্ষেপ আৰু ন্যায্য উত্তৰ বিচাৰি বিগত দিনবোৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ওচৰত সীতাজখলা দুগ্ধ উৎপাদক সমবায় সংঘৰ ফালৰপৰা বহুবাৰ আবেদন দাখিল কৰা হয় কিন্তু প্ৰধানমন্ত্ৰী তথা ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰী মন্ত্ৰনালয়ৰ পৰা আদেশ শীৰ্ষ মহলৰ ৰঙাফিতাৰ মেৰপাকত গুৰুত্বহীন হৈ যায়. সেয়েহে এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে যোৱাকালি 13000 লিটাৰ গাখীৰ পানীত পেলাই ৰাইজক বিনামূলীয়াকৈ গাখীৰৰ যোগান দি সমবায় সংঘই চৰকাৰক সিদ্ধান্ত পৰিবৰ্তনৰ দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।