তেজপুৰ আদালতত জিলা আইন সেৱা প্ৰাধিকৰনৰ প্ৰশিক্ষণ কৰ্মশালা

 08/19/2019 - 13:12

তেজপুৰঃ তেজপুৰ জিলা আইন সেৱা প্ৰাধিকৰনৰ উদ্যোগত শোণিতপুৰ আৰু বিশ্বনাথ আইন সেৱা প্ৰাধিকৰনৰ ৬৭ গৰাকী আইনী স্বেচ্ছাসেৱকক লৈ দেওবাৰে এক প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয়। তেজপুৰ আদালতত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণত 'অপৰাধীৰ ন্যায় ব্যৱস্থা' সন্দৰ্ভত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ শোণিতপুৰৰ নাজিম আখতাৰে সবিশেষ দাঙি ধৰি স্বেচ্ছাসেৱক সকলৰ কৰনীয় সম্পৰ্কে কয়। শিশু সম্পৰ্কীয় আইন, বাল্য বিবাহ সন্দৰ্ভত কয় অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ ৰমেন বৰুৱাই।

তেওঁ পকচ আইন সন্দৰ্ভত দাঙি ধৰি শিশুৰ প্ৰতি কৰা ব্যৱহাৰে সেইটো স্পষ্ট কৰে। শিশুক ৰক্ষনা বেক্ষণ কেৱল ঘৰখনেই নহয় সমাজৰ প্ৰতিজনৰ দায়িত্ব। ইয়াৰ প্ৰতি সজাগতাৰ প্ৰয়োজন আৰু স্বেচ্ছাসেৱক সকলে জনমত গঠন গুৰুত্ব প্ৰদান কৰে। এই প্ৰশিক্ষণত আইন সেৱা প্ৰাধিকৰন কি, কিয় আৰু স্বেচ্ছাসেৱকৰ কৰ্তব্য সন্দৰ্ভত দাঙি ধৰে আইন সেৱা প্ৰাধিকৰনৰ সচিব মৃদু চন্দা বৰদলৈয়ে। সকলোৰে বাবে আইন নিশ্চিত কৰাৰ বাবে ভূক্তভোগী ব্যক্তিক সহায় কৰা আৰু আইনী সহায় লাভ কৰাহেতু স্বেচ্ছাসেৱক সকলে দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।