অভয়াপুৰীত ট্ৰাক জব্দ

 08/19/2019 - 13:38

অভয়াপুৰীঃ অভয়াপুৰীত ৫৩ ঘন্টা উকলি যোৱাৰ পিছতহে গা লৰিল আৰক্ষীৰ। অৱশেষত যোৱা তিনি দিন ধৰি ৰহস্যজনকভাৱে অভয়াপুৰী দেওহাটীৰ ৰিলায়েঞ্চ তেল ডিপোত থকা ট্ৰাক তিনিখন আৰক্ষীয়ে নিজৰ জিন্মাত লয়৷ সম্প্ৰতি অভয়াপুৰী থানাত ৰখা হৈছে ট্ৰাকসমুহ৷ আজি দণ্ডাধীশৰ উপস্থিতিত ট্ৰাকৰ সামগ্ৰীৰ তদন্ত কৰিব৷

ট্ৰাকত অবৈধ বাৰ্মিজ চুপাৰী থকাৰ সন্দেহ কৰি আৰক্ষীক খবৰ দিছিল দল-সংগঠনে। ঘটনা সন্দৰ্ভত লাচিত সেনা, কোঁচ-ৰাজবংশী সংগ্ৰাম সমিতিয়ে অভয়াপুৰী থানাত এজাহাৰ দাখিল কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।