মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী গুধলীগাওঁ বি অ পিৰ ভাৰপ্ৰাপ্ত বি এছ এফ বিষয়া পানীত পৰি মৃত্যু

 08/19/2019 - 15:10

দক্ষিণ শালমাৰাঃ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী গুধলীগাওঁ বি অ পিৰ ভাৰপ্ৰাপ্ত বি এছ এফ বিষয়া সন্ধিয়া সাত বজাত চাৰি গৰাকী জোৱানক লৈ চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰাৰ উদ্দেশ্যে এম্বুশ দি থকা অৱস্থাত ভৰি পিছলি নদীত পৰি যায়।

কিন্তু জোৱান কেইজনে বহু চেষ্টা কৰিও বি এছ এফ বিষয়া গৰাকীক ৰক্ষা কৰিব নোৱাৰিলে। বি এছ এফ বিষয়া গৰাকী গুধলীগাওঁ বি অ পিৰ ৬ নং বি এন বি এছ এফৰ পৰিদৰ্শক সঞ্জয় সাধু (৩৮) বুলি জানিব পৰা গৈছে। বিষয়া গৰাকীৰ ঘৰ গুজৰাটত বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।