08/19/2019 - 16:00
in
ডিজিটেল ডেস্কঃ বিগত বহুদিন ধৰি অসুস্থ হৈ আছিল বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগন্নাথ মিশ্ৰা। ৩ বাৰকৈ তেওঁ আছিল বিহাৰৰ মুখ্যমন্ত্ৰী। ১৯৭৫ চনত তেওঁ প্ৰথমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰীৰ আসনত বহিছিল। ৯০ দশকত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীয়ো আছিল। বিহাৰ বিশ্ববিদ্যালয়ৰ অৰ্থশাস্ত্ৰ বিভাগৰ প্ৰৱক্তা আছিল মিশ্ৰা। দিল্লীৰ এখন চিকিৎসালয়ত সোমবাৰে পুৱা মৃত্যু হয় মুখ্যমন্ত্ৰী গৰাকীৰ।