দৰঙৰ কল্যাণ সমবায় সমিতিত পিডিএছৰ চাউলৰ চোৰাং ব্যৱসায়

 08/19/2019 - 16:51

দলগাঁওঃ দৰঙৰ কল্যাণ সমবায় সমিতিত পিডিএছৰ চাউলৰ চোৰাং ব্যৱসায়। সমবায়ৰ কিছু সচেতন লোক আৰু স্থানীয় সচেতন ৰাইজে দলগাৱঁৰ দাৰুল উলুম মাদ্ৰাছাৰ গুদামত গাড়ীৰ পৰা নমাই থকা অৱস্থাত হাতে লোটে ধৰা পেলায় ২৬ বেগ চাউল।

দলগাঁও আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ চাউলখিনি জব্দ কৰি থানালৈ লৈ যায়। দৰঙত দীৰ্ঘদিন ধৰি চলি আছে পিডিএছৰ চাউলৰ কলা বজাৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।