বিহপুৰীয়া কংকুৰত দুই সামাজিক অনুস্থানৰ বান সাহাৰ্য বিতৰণ

 08/19/2019 - 18:42

নাৰায়নপুৰঃ শেহতীয়াকৈ অসমৰ দুই স্বেচ্ছাসেৱী অনুস্থান গুৱাহাটীৰ নৰ্থ বেঙ্ক ডেভেলপমেণ্ট চচাইটি আৰু নাৰায়নপুৰৰ মিচন গুড হেল্থয়ে আজি লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত বানাক্ৰান্ত অঞ্চল কংকুৰ আৰু কানিয়াজানত বান সাহাৰ্য প্ৰদানৰ লগতে এটি চিকিৎসা শিবিৰ অনুস্থিত কৰে।

সংগঠন দুটা নৰ্থ বেঙ্ক ডেভেলপমেণ্ট চচাইটিৰ সভাপতি উত্তম গগৈ আৰু সম্পাদক সৌৰভ বৰঠাকুৰ আৰু মিচন গুড হেল্থৰ সভাপতি সত্য চাবুকধৰাৰ নেতৃত্বত এটি দলে সহস্ৰাধিক পৰিয়ালৰ মাজত বস্ত্ৰ বিতৰণ কৰে।

আনহাতে উক্ত বিতৰণ কাৰ্যসূচী লগত সংগতি ৰাখি বিহপুৰীয়া বাহগড়া ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ হৈ ফাৰ্মাচিচ দিগন্ত শৰ্মাৰ তত্বাৱধানত এটি স্বাস্থ্য শিবিৰত অৰ্ধশতাধিক লোকক স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া ঔষধ বিতৰণ কৰে। উল্লেখযোগ্য যে বানে গৰকা অঞ্চল সমূহৰ মাজত এনেদৰে দুই স্বেচ্ছাসেৱী সংগঠনৰ পৰা আগবঢ়োৱা বান সাহাৰ্য‌ই সংগঠন দুটাক ভূশয়ী প্ৰশংসা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।