ৰঙিয়াত কামৰূপ জিলা সাংবাদিক সন্থাৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস সম্পন্ন

 08/19/2019 - 20:17

ৰঙিয়াঃ বৰ্তমান সংবাদ জগতখনত সকলো বিভাগতে সংবাদকৰ্মী নিয়োজিত হৈ আছে। যেনেধৰণে খেলা ধূলাৰ ক্ষেত্ৰত ক্ৰীড়া সাংবাদিক। সেইসকলে খেলা ধূলাৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ কি কি ধৰণে খেলা ধূলাৰ উন্নীতকৰণ চলি আছে বা কি প্ৰচেষ্ঠা লৈছে সেইবিলাক কথা ৰাইজৰ ওচৰলৈ লৈ যায়। আমাৰ সাংস্কৃতিক সাংবাদিকসকলে তেওঁলোকে সাংস্কৃতিক জগতৰ লগত জড়িত খবৰ বাতৰি ৰাইজৰ মাজলৈ নিয়ে। আন্তৰ্জাতিক পৰ্যায়ৰ বহু সাংবাদিকে আন্তৰ্জাতিক পৰ্যায়ৰ যিবোৰ বা-বাতৰি সেইবোৰ জনসাধাৰণৰ ওচৰলৈ লৈ যায়। আমাৰ যিসকল থলুৱা সাংবাদিক থাকে তেওঁলোকেও সেই বিভিন্ন অঞ্চলৰ বা সেই ৰাজ্যখনৰ বা জিলাখনৰ বিভিন্ন সংবাদ ৰাইজৰ ওচৰলৈ লৈ যায়।

গতিকে ৰাইজ, চৰকাৰ আৰু বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা যিখিনি সংস্থা বা লোক থাকে সেইখিনিৰ মাজত এটা যোগসূত্ৰ ৰক্ষা কৰাত আৰু ৰাইজৰ ওচৰ চপাই নিয়াত সাংবাদিকসকলে বিশেষ দায়িত্ব আৰু ভূমিকা পালন কৰে। গতিকে সংবাদ জগতৰ আমাৰ গণতন্ত্ৰত যথেষ্ঠ উল্লেখনীয় ভূমিকা আছে। তেওঁলোকৰ যদি ইতিবাচক ভূমিকা থাকে তেতিয়াহ'লে বহু ক্ষেত্ৰত আমাৰ গঠনমূলক দিহা-পৰামৰ্শৰ জৰিয়তে দেশ খনক আগুৱাই নিয়াত আৰু ৰাষ্ট্ৰ পৰিচালনাৰ ক্ষেত্ৰত দিহা পৰামৰ্শ দিয়াত বহু ধৰণৰ সহায়ক হয় বুলি আজিৰ মুকলি সভাৰ উদ্বোধনী ভাষণত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈয়ে এনেদৰে কয়।

উল্লেখ্য যে আজি ৰঙিয়া প্ৰেছ ক্লাৱৰ সহযোগত কামৰূপ জিলা সাংবাদিক সন্থাৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস ৰঙিয়াৰ মাজমজিয়াৰ ঐতিহ্যমণ্ডিত কৃষক শ্বহীদ ভৱনত উদযাপন কৰা হয়। পুৱা সন্থাৰ পতাকা উত্তোলন কৰে কামৰূপ জিলা সাংবাদিক সন্থাৰ উপ সভাপতি প্ৰকাশ ডেকা আৰু স্মৃতি তৰ্পণ কৰে জিলা সাংবাদিক সন্থাৰ সম্পাদক তৰণী চৰণ কলিতাই। কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি মধুসুধন মেধিৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা খনৰ সভাৰ উদ্দ্যেশ্যে ব্যাখ্যা কৰে জিলা সাংবাদিক সন্থাৰ সম্পাদক তৰণী চৰণ কলিতাই। এই দিৱসৰ মুকলি সভাৰ উদ্বোধক হিচাপে উপস্থিত থাকে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈ,মুখ্য অতিথিৰ আসন অলংকৃত কৰে অসম বাৰ্তাজীৱি সংঘৰ সভাপতি কেশৱ কলিতা। কলিতাই সংবাদকৰ্মীৰ বিভিন্ন অসুবিধাৰ ওপৰত বক্তব্য দাঙি ধৰে।

লগতে চৰকাৰ আৰু কাকত গোষ্ঠীৰ মালিকীস্বত্বৰ ওচৰত সদায় দাবী তুলি যাম, যেতিয়ালৈকে সংবাদকৰ্মীৰ অসুবিধা দূৰীকৰণৰ চেষ্টা কৰে বা প্ৰাপ্তৰ পৰা সাংবাদিকসকলক বঞ্চিত নকৰি পাবলগীয়া সা সুবিধাসমূহ পাবলৈ সক্ষম হয় বুলি কয়। বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি শ্ৰী মন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই সমাজ গঠনত সাংবাদিকৰ ভূমিকা আৰু ইতিবাচক সংবাদে সমাজ, তথাৰ দেশ ৰাজ্যৰ উন্নয়নত সহায়ক হয় বুলি কোৱাৰ উপৰি প্ৰাকৃতিক দুৰ্যোগ বানপানীৰ সময়ত সংবাদ মাধ্যমৰ ভূমিকাক শলাগ লয়।

আমন্ত্ৰিত অতিথিত কামৰূপ জিলা সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি ৰজত বৈশ্যই সংবাদকৰ্মীৰ গুৰু দ্বায়িত্বৰ ওপৰত আৰু সাংবাদিকতা বিভিন্ন দিশত সবলীল বক্তব্য দাঙি ধৰে। জিলাৰ প্ৰাক্তন সভাপতি শিৱচৰণ কলিতাই সাংবাদিকসকলক আহ্বান জনায় যে যিহেতু ৰাজ্যত বিৰোধী দলৰ শক্তিশালী ভূমিকা নাই, সেয়েহে সংবাদ মাধ্যমে বিৰোধী দলৰ ভূমিকা গ্ৰহণ কৰি ৰাজ্যৰ উন্নয়নত মনোনিৱেশ কৰিব লাগিব বুলি বক্তব্য আগবঢ়ায়। অসম মুক্তিযোদ্ধা সন্মিলনীৰ সম্পাদক দ্বিজেন্দ্ৰ মোহন শৰ্মা শিল্পী পেঞ্চনপ্ৰাপ্ত নৰেন্দ্ৰ শৰ্মা, অৱসৰপ্ৰাপ্ত অধ্যাপক পবিন কলিতা, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত দাস আদি আটাইকেইজনে সংবাদিকৰ, কৰ্তব্য, দ্বায়িত্ব, ইতিবাচক নীতিবাচক সংবাদ এই সকলোবোৰ সামৰি তত্বগধুৰ বক্তব্য দাঙি ধৰে। ইয়াৰ উপৰি সভাত উপস্থিত থাকে লিখিকা সমাৰোহ সমিতিৰ ৰঙিয়া শাখাৰ সভানেত্ৰী গৌৰী প্ৰভা মহন্ত, সদস্যা কিৰণ পাটোৱাৰী, ৰঙিয়া আলোচনী সভাৰ সভাপতি পবিত্র কলিতা, বিশিষ্ট লিখক আনন্দ মোহন গোস্বামী প্ৰমূখ্যে কেইবাজনো গণ্য মান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।