বংগত গাড়ীৰ খুন্দাত বাঘৰ মৃত্যু

 08/19/2019 - 20:35

শ্ৰীৰামপুৰঃ অসমৰ চুবুৰীয়া ৰাজ্য বংগৰ বীৰপাৰাৰ নিকটৱৰ্তী দলগাৱঁৰ ৰাষ্ট্ৰীয় পথত আজি তীব্ৰ বেগী গাড়ীৰ খুন্দাত এটি চিতা বাঘ গুৰুতৰ আহত হয়।বাঘটো দলগাৱঁৰ নিচেই কাষত থকা উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰিবলৈ যাওঁতে এখন চাৰি চকীয়া বাহন খুন্দা মাৰে ।ফলত বাঘটো গাড়ীৰ খুন্দাত চাহ বাগিচাৰ নলাত ছিটকী পৰে। বাঘটো কঁকালত প্ৰচণ্ড আঘাত পোৱাত উঠিব পৰা নাছিল আৰু অতিশয় ৰক্তপাত হোৱাত দুৰ্বল হৈ পৰে।পিছত উক্ত খবৰ পাই জলদা পাৰা বন কাৰ্য্যালয়ৰ পৰা এটা বন বিশেষজ্ঞৰ দল ঘটনাস্থলীত উপস্থিতি হৈ বাঘটো উদ্ধাৰ কৰি চিকিৎসাৰ ব্যবস্থা কৰে । উক্ত বাঘটো উদ্ধাৰ কৰি চিকিৎসা কৰাৰ লগতে বংগৰ খয়াৰবাৰী বাঘ উদ্যানত নি থকা অৱস্থাত মৃত্যুক সাৱটি লয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।