কলাজল নদীৰ গৰখহনীয়াই সংকট মাতিছে

 08/20/2019 - 14:53

শুৱালকুছিঃ কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত বংশৰৰ কলবাৰীত কলাজল নদীৰ গৰখহনীয়াই বংশৰৰ কুলহাটী সংযোগী গড়কাপ্তানি পথলৈ সংকট কঢ়িয়াই আনিছে৷ উল্লেখযোগ্য যে বংশৰ কুলহাটী সংযোগী পথটিৰ কাষেৰে বৈ যোৱা কলাজল নদীয়ে বংশৰৰ কলবাৰী অঞ্চলত গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে, ইতিমধ্যে পথটিৰ প্ৰায় পঞ্চাশ শতাংশ নদীৰ খহনীয়াত পৰিছে৷ সংশ্লিষ্ট বিভাগ সমুহে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে৷

বিগত বছৰৰ পৰাই কলাজল নদীয়ে অলপ অলপকৈ খহাই থকাৰ পিছতো জল সম্পদ বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই, পথটিৰ পঞ্চাশ শতাংশ নদীৰ খহনীয়াত পৰাৰ পিছতো চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত পূৱ বংশৰ আঞ্চলিক সন্থাই চৰকাৰক অতি শীঘ্ৰেই বিহিত ব্যৱস্থা লবলৈ দাবী জনাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।