চামিল হ’ব জাতীয় ঐক্যমঞ্চ বি জে পিত

 08/20/2019 - 15:37

মৰিগাঁওঃ মধ্য অসমৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভুমিকা লৈ অহা জাতীয় ঐক্যমঞ্চ চামিল হ’ব শাসকদল বিজেপিত৷ বত্তৰ্মানৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ নেতৃত্বত ২০১৩ চনত তিৱা জাতীয় ঐক্যমঞ্চ নামেৰে আত্মপ্ৰকাশ কৰা মধ্য অসমৰ আঞ্চলিক ৰাজনৈতিক দলটোৱে বিগত সময়ত তিৱা স্বায়ত্ত্বশাসিত পৰিষদ, পঞ্চায়ত আৰু পৌৰসভা আদিৰ নিৰ্বাচনত সফলতাৰে ভুমিকা লৈছে৷

পৰবৰ্তী সময়ত অৰ্থাৎ ২০১৬ৰ বিধানসভা নিৰ্বাচনত দলটোৱে তিৱা জাতীয় ঐক্যমঞ্চৰ পৰিবৰ্তে জাতীয় ঐক্যমঞ্চ নামেৰে বিজেপিৰে নিৰ্বাচনী মিত্ৰতা কৰাই নহয় ৰমাকান্ত দেউৰী বিজেপিৰ প্ৰাৰ্থী হিচাপে মৰিগাঁও সদৰ সমষ্টিৰ পৰা নিৰ্বাচিত হয়৷ এই জাতীয় ঐক্যমঞ্চই অহা ৩০ আগষ্টত বৃহৎ সংখ্যক সমৰ্থকসহ বিজেপিত চামিল হব বুলি প্ৰতিষ্ঠা দিৱসত কৰা ঘোষনাই মধ্য অসমৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।