জুৰীয়াত দুখনকৈ মবাইলৰ দোকানত চুৰি

 08/20/2019 - 16:43

জুৰীয়াঃ জুৰীয়াৰ দগাঁৱত দেওবাৰে নিশা এটা চোৰে দুখনকৈ মবাইলৰ দোকানত চুৰি কাৰ্য সংঘটিত কৰাৰ দৃশ্য বন্দী হৈছে দোকান খনত সংলগ্ন চি চি টি ভি কেমেৰাত। ।দোকান খনৰ মুধচৰ টিনপাট কাটি দোকানৰ ভিতৰত সোমাই সামগ্ৰী সমূহ লণ্ডভণ্ড কৰি লুটপাত চলাই।

বয়সত কিশোৰ যেন লগা চোৰটোৱে নিশাটোৰ ভিতৰতে আটাউৰ গিফ্ট হাউচ আৰু জালাল উদ্দিন নামৰ লোক দুজনৰ দোকান দুখনত লুটপাত চলাই উধাও হয়। চোৰটোৰ চুৰিকাৰ্যৰ সমগ্ৰ দৃশ্য আটাউৰ গিফ্ট হাউচত থকা চি চি টিভি ৰ কেমেৰাত বন্দী হয়। দগাওঁ আৰক্ষী চকীৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে অপৰাধীক আটক কৰিবলৈ সক্ষম হোৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।