ৰূপহীহাটৰ গ্ৰাম্য অঞ্চলৰ পথৰ দূৰৱস্থা

 08/20/2019 - 16:54

জুৰীয়াঃ ৰূপহীহাটৰ গ্ৰাম্য অঞ্চলৰ চামধৰা গাওঁৰ ৰাইজৰ এই পথটোৱেই এতিয়া একমাত্ৰ ভৰষা। এই পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাই এতিয়া জলা-কলা খোৱাইছে গাঁওবাসীক। দীৰ্ঘ দিন ধৰি ৰূপহীহাটৰ স্থানীয় বিধায়ক নুৰুল হুদাক পথছোৱা নিৰ্মাণৰ বাবে অনুৰোধ জনাই আহিছে যদিও বিধায়ক নুৰুল হুদাই পথছোৱা নিৰ্মাণত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি গাওঁ খনৰ শতাধিক ৰাইজে নুৰুল হুদা মুৰ্দাবাদ ধ্বনি দিয়াৰ লগতে গঞা ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক অতি সোনকালে পথছোৱা নিৰ্মাণৰ বাবে অনুৰোধ জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।