মুকবধিৰ কিশোৰীক বলাৎকাৰৰ  অপচেষ্টা লম্পট আলাল উদ্দিনৰ

 08/20/2019 - 18:02

ডিজিটেল ডেস্কঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ উত্তৰ কোবাইকটা গাঁৱৰ আলাল উদ্দিন নামৰ লম্পত জনে কাষৰে চমকা গাৱৰ এগৰাকী মুকবধিৰ কিশোৰীক বলৎকাৰৰ চেষ্টা চলাই যদিও কিশোৰী গৰাকী কথমপি নিজক ৰক্ষা কৰিবলৈ সক্ষম হয়। কিশোৰী গৰাকীৰ শৰীৰৰ ভিন্ন অংগত হাত দি শ্লীলতা হানি কৰে লম্পটোৱে।

জানিব পৰা মতে কিশোৰী গৰাকী কাষৰ এখন দোকানত গৈ থকা অৱস্থাত আগভেটি ধৰি ধৰ্ষনৰ চেষ্টা চলাই। যোৱা ১৮ আগষ্টত কিশোৰী গৰাকীৰ পিতৃয়ে আলাল উদ্দিনৰ বিৰুদ্ধে বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত বটদ্ৰৱা আৰক্ষীয়ে লম্পটোক আটক কৰে আৰু ৩৪১ ,৩৫৪ ধাৰাত ২৪৮/১৯ এক গোচৰ পঞ্জিয়ন কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে আলাল উদ্দিন চাৰিটাকৈ সন্তানৰ পিতৃ  নাতিসম এগৰাকী কিশোৰীক কৰা এনে ব্যৱহাৰত সচেতন ৰাইজে উচিত তদন্তৰ জৰিয়তে কঠোৰ শাস্তি দিবলৈ দাবী জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।