মানকাচৰত এগৰাকী বোৱাৰী হত্যাকাৰীক আটক

 08/20/2019 - 18:08

দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষী থানাৰ অন্তৰ্গত ঝাউডাংগা পূবেৰ গাঁওৰ নুৰ নবী নামৰ লোকজনে একে গাওঁৰ আব্দুল ছবুৰৰ কন্যা ফুল বেগমক ৬ মাহ পূৰ্বে পলুৱাই নি বিয়া কৰিছিল। বিয়াৰ পিছৰে পৰা স্বামী নুৰ নবীয়ে ফুল বেগমৰ পৰিয়ালৰ পৰা ৫০,০০০ টকা যৌতুক বিচাৰি শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল। 

জানিব পৰা মতে, ফুল বেগমে যৌতুক দিব নোৱাৰাত যোৱা ১৫ আগষ্টত গোটেই ৰাতি ফুল বেগমক স্বামী আৰু পৰিয়ালৰ লোকে শাৰিৰীক ভাৱে অত্যাচাৰ চলাই হত্যা কৰে। এই সন্দৰ্ভত মৃত ফুল বেগমৰ পৰিয়ালৰ লোকে মানকাচৰ আৰক্ষী থানাত ভাৰতীয় দণ্ড বিধিৰ ৩০৪ (বি)/৩৪ ধাৰাত ৫০৩/২০১৯ নং গোচৰ ৰুজু কৰিছে। কিন্ত চাৰি দিন অতিবাহিত হোৱাৰ পিছত এগৰাকী অভিযুক্তক স্থানীয় ৰাইজে আটক কৰি আৰক্ষীক চমজাই দিয়ে বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।