বৰপেটা চহৰৰ দক্ষিণহাটীৰ মহিলা সন্ধানহীন

 08/20/2019 - 18:23

বৰপেটাঃ বৰপেটা চহৰৰ ২নং দক্ষিণহাটীৰ নিবাসী প্ৰয়াত হিমাংশু বায়নৰ পত্নী হিৰণ বায়ন কালি পুৱাৰে পৰা সন্ধানহীন হৈ আছে৷ পৰিয়ালৰ লোকে জনোৱা মতে,কালি পুৱা প্ৰায় ৫ বজাত মহিলা গৰাকীয়ে ঘৰৰ পৰা ওলাই আহি বৰপেটা সত্ৰত সেৱা জনাই এখন ই ৰিস্ক্সাত উঠি বৰপেটা বজাৰৰ পিনে যায়৷ বৰপেটা সত্ৰৰ চৌদিশে সংস্থাপিত কৰা চিচি টিভি ফুটেজৰ পৰা পৰিয়ালৰ লোকে এই কথা জানিব পাৰে৷ আনহাতে কালি মহিলা গৰাকীক বৰপেটাৰোডৰ পিনে গৈ থকা অৱস্থাতো এগৰাকী লোকে প্ৰত্যক্ষ কৰে৷

পৰিয়ালৰ লোকে বিভিন্ন স্থানত মহিলা গৰাকীক বিচাৰ খোচাৰ কৰে যদিও এই পৰ্যন্ত কোনো শুংসূত্ৰ উলিয়াব পৰা নাই৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত মহিলা গৰাকীৰ পৰিয়ালে বৰপেটা সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে৷ ৰঙা চকলেট ৰঙৰ শাৰী পৰিহিত বগা ক্ষীণকায় আকৃতিৰ মহিলা গৰাকীৰ হাতত এটা কাপোৰ কঢ়িয়াই নিয়া পলিথিনৰ বেগ আছে৷ এজন পুত্ৰ আৰু এগৰাকী কন্যাক এৰি মহিলা গৰাকীয়ে কি কাৰণত গুচি গল সেয়া সকলোৰে অজ্ঞাত৷ কোনো ব্যক্তিয়ে মহিলা গৰাকীৰ সন্ধান পালে ৮৪০২০১০২৪৮ নাইবা ৭০০২২৫১৩৬১ নম্বৰ মোবাইলত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।