ধোদৰ আলিৰ মেৰামতিৰ নামত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ

 08/20/2019 - 19:08

মৰিয়নিঃ মৰিয়নি সমষ্টিৰ মাছখোৱাৰপৰা চেলেঙলৈকে থকা ধোদৰ আলিৰ মেৰামতিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ প্ৰতিবাদত আজি কৃষক মুক্তিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰে। চেলেংহাটৰ কলিয়াপানিত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ধোদৰ আলিৰ মেৰামতিৰ নামত হোৱা দুৰ্নীতি বন্ধ কৰাৰ লগতে ঐতিহাসিক পথছোৱাৰ ক্ষীপ্ৰ উন্নয়নৰ দাবীত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়িত কৰে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তিৰ যোৰহাট জিলাৰ সম্পাদক অৰিন্দম গগৈ উপস্থিত থাকি ধোদৰ আলিকে ধৰি চেলেংহাটৰ অন্যান্য গুৰুত্বপূৰ্ণ পথ সমূহৰ নিৰ্মাণৰ দাবী জনায়।

ইফালে সংগঠনটোৰ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত হোৱা স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীকো ধোদৰ আলিৰ মেৰামতিৰ নামত হোৱা অবাধ দুৰ্নীতিৰ বাবে জবাবদিহি কৰে কৃষক মুক্তিৰ জিলা সম্পাদকগৰাকীয়ে। উল্লেখ্য যে মাছখোৱাৰপৰা চেলেঙলৈকে থকা ধোদৰ আলিৰ মেৰামতিৰ নামত সংশ্লীষ্ট ঠিকাদাৰ তথা গড়কাপ্তানী বিভাগৰ বিষয়া অভিযন্ত্ৰাই ব্যাপক দুৰ্নীতিৰ বাবে পথছোৱা মেৰামতিৰ পিচতে অত্যন্ত কৰ্দয্য হৈ পৰে। ইয়াৰ পৰিপেক্ষিততে কৃষক মুক্তিয়ে আজি প্ৰতিবাদী কাৰ্যসূচী লবলৈ বাধ্য হয়। কৃষক মুক্তিৰ আজিৰ প্ৰতিবাদত কৃষক নেতা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়েও অংশগ্ৰহন কৰে। পিচত দণ্ডাধীশ উপস্থিত হৈ পথ নিৰ্মানৰ দুৰ্নীতিৰ তদন্তৰ আশ্বাস দিয়াতহে সাময়িকভাবে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰে সংগঠনটোৱে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।