দৰঙত বিষ পান কৰি যুৱকৰ আত্মহত্যা

 08/20/2019 - 19:36

দলগাঁওঃ দৰঙৰ মৌছিঠা গাঁৱত বিষ পান কৰি যুৱকৰ আত্মহত্যা। পাৰিবাৰিক কন্দলৰ পৰিণতিত আখতাৰ হুছেইন(২৩)নামৰ বিবাহিত যুৱক জনে বিষপান কৰি আত্মহত্যা কৰে বুলি জনাইছে পৰিয়ালৰ লোকে। দুবছৰ পূৰ্বৰে পৰা পতি-পত্নীৰে চলি থকা কাজিয়াৰ এটি গোচৰৰ বাবে ক’ৰ্টত আজি হাজিৰ হোৱাৰ কথা আছিল যুৱকজন। কিন্তু হঠাত যুৱক জনে মানসিক চাপত পৰি বিষ পান কৰি আত্মহত্যা কৰিছে বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। ঘটনাটোক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।