হাউলীত জমিয়তে আহলে হাদীছ অসমৰ গুৰুত্বপূৰ্ণ সাধাৰণ সভাৰ আহ্বান

 08/21/2019 - 13:57

হাউলীঃ জমিয়তে আহলে হাদীছ অসম আৰু জামিয়া ইছলামিয়া ছালাফীয়া আৰবী কলেজৰ এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা অহা ২৫ আগষ্ট ৰবিবাৰে দিনৰ ১১ বজাত হাউলীৰ ইটাৰভিটা হেলনাৰপামৰ জামিয়া ইছলামিয়া ছালাফীয়া আৰবী কলেজ প্ৰাঙ্গণত আহ্বান কৰা হৈছে|

উক্ত সভাত সাংগাঠনিক দিশ, ভৱিষ্যৎ কাৰ্যপন্থা আৰু আন আন বিষয়ত বিতং আলোচনা কৰা হ'ব বুলি জমিয়তে আহলে হাদীছ অসমৰ সভাপতি তথা জামিয়া ইছলামিয়া ছালাফীয়া আৰবী কলেজ পৰিচালনা সমিতিৰ সভাপতি জামাল উদ্দিন ছালাফীয়ে জানিবলৈ দিয়ে| সভাত সকলো ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে আহ্বায়ক জামাল উদ্দিন ছালাফীয়ে |

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।