মৰিগাৱঁত সপ্তম অৰ্থনৈতিক জৰীপৰ প্ৰশিক্ষণ শিবিৰ অনুস্থিত

 08/21/2019 - 15:56

লখিমপুৰঃ দেশৰ প্ৰকৃত অৰ্থনৈতিক অৱস্থা জনাৰ হেতু সমগ্ৰ ভাৰতবৰ্ষতে সপ্তম অৰ্থনৈতিক জৰীপ আৰম্ভ হবলৈ গৈ আছে। এই জৰীপ সম্পুৰ্ণ শুদ্ধ হোৱাৰ লগতে সঠিক তথ্যৰ ওপৰত গুৰুত্ব প্ৰতিষ্ঠিত হোৱাৰ উদ্দেশ্যে অসমৰ বিভিন্ন জিলাৰ লগতে মৰিগাওঁ জিলাতো সম্পন্ন হৈছে অৰ্থনৈতিক জৰীপৰ প্ৰশিক্ষণ শিবিৰ। বুধবাৰে মৰিগাৱঁৰ পবিতৰা হাটত সপ্তম অৰ্থনৈতিক জৰীপৰ প্ৰশিক্ষণ শিবিৰ অনুস্থিত হৈ যায়।

উক্ত প্ৰশিক্ষণত মৰিগাওঁ জিলাৰ কমন চাৰ্ভিচ চেণ্টাৰৰ জিলা প্ৰৱন্ধকদ্বয় ক্ৰমে মহানন্দ নাথ আৰু প্ৰাঞ্জল হাজৰিকাৰ তত্বাৱধানত জিলাখনৰ ২০০ৰো অধিক চি.এচ.চি. কৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰে। উক্ত প্ৰশিক্ষণত উপস্থিত থাকে ৰাষ্ট্ৰীয় পৰিসংখ্যা বিভাগৰ জ্যেষ্ঠ বিষয়া উৎপল গগৈ আৰু প্ৰদীপ ইংলেং। উল্লেখযোগ্য যে আজিলৈকে মৰিগাওঁ জিলাৰ পাচঁটা ৰাজহ চক্ৰত মুঠ ১১০০ৰো অধিক কৰ্মীক প্ৰশিক্ষণ প্ৰদান সম্পন্ন হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।