বিজেপিত যোগদান ৰেখাৰাণী দাস বড়োৰ

 08/21/2019 - 16:51

গুৱাহাটীঃ বড়ো অগপৰ প্ৰাক্তন বিধায়িকা লগতে প্ৰাক্তন মন্ত্ৰী আছিলে। নেত্ৰীগৰাকীক আদৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত‍ দাসে। ৰেখা ৰানী দাস বড়ো লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ প্ৰাক্তন অধ্যাপিকা নিলিমা ভাগৱতীৰ আৰু শিক্ষা, আইন, উদ্যোগ খণ্ডৰ সৈতে জড়িত কেইবাগৰাকী মহিলাই আজি বিজেপিত যোগদান কৰে। সভাত বিজেপি, অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰী ফনীন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক উপ- সভাপতি তথা সদস্যভৰ্তি অভিযানৰ ৰাজ্যিক আহ্বায়ক শ্ৰী বিজয় কুমাৰ গুপাতা আৰু সহ-আহ্বায়ক শ্ৰীদিপ্লু ৰঞ্জন শৰ্মাও উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।