APSC'ৰ পাঠ্যক্ৰমৰ পৰা আৰবী ফাৰ্চি ভাষা কৰ্ত্ণ কৰাৰ প্ৰতিবাদত মুছলিম ছাত্র সন্থাৰ সংবাদমেল

 08/22/2019 - 15:25

বৰপেটাঃ মুছলমান সকলক প্ৰশাসনিক সেৱাৰ পৰা আতৰাই ৰখাৰ এক গভীৰ ষড়যন্ত্ৰত চৰকাৰ তথা APSC বিভাগ লিপ্ত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে মুছলিম ছাত্র সন্থাই৷ বৃহস্পতিবাৰে বৰপেটা জিলা ডিজিটেল সাংবাদিক সন্থাৰ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি মুছলিম ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জালাল উদ্দিন আহমেদে এই অভিযোগ উত্থাপন কৰে৷ নেতা গৰাকীয়ে সংবাদমেলৰ জড়িয়তে উল্লেখ কৰে যে APSC'ৰ পাঠ্যক্ৰমৰ পৰা আৰবী ফাৰ্চি ভাষা কৰ্ত্ণ কৰি মুছলমান সকলক প্ৰশাসনিক সেৱাৰ পৰা আঁতৰাই ৰখাৰ এক গভীৰ ষড়যন্ত্ৰত চৰকাৰ তথা APSC বিভাগ লিপ্ত হৈছে ৷

 মুছলমান সকলক প্ৰশাসনিক সেৱাৰ সকলো স্তৰৰ পৰা আঁতৰাই ৰখাৰ কাৰণে APSC আৰু চৰকাৰে আৰবী ফাৰ্চি ভাষা কৰ্ত্ণ কৰা বুলি তেওঁ অভিযোগ কৰে। যিকোনো বিষয় এটা কৰ্ত্ণ কৰাৰ ক্ষেত্ৰত নিৰ্দিষ্ট কিছুমান নীতি নিৰ্দেশনা প্ৰযোজ্য কৰা হয় কিন্তু APSC আৰু চৰকাৰে সকলো নীতি নিৰ্দেশনাক জলাঞ্জলি দি একপক্ষীয় সিদ্ধান্ত লোৱা বুলি মুছলিম ছাত্র সন্থাৰ সভাপতিজনে অভিযোগ কৰে। চৰকাৰে যদি মুছলমান সকলৰ মৌলিক অধিকাৰ খৰ্ব কৰা কাৰ্যৰ পৰা বিৰত নাথাকে তেন্তে মুছলিম ছাত্র সন্থা ক্ষান্ত নাথাকে বুলিও চৰকাৰক সকীয়াই দিয়ে নেতাগৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।