গৌৰীপুৰৰ বালাজানত ব্লেডেৰে যুৱকক আক্ৰমন

 08/23/2019 - 13:11

গৌৰীপুৰঃ ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তগত বালাজান গাওঁ পঞ্চায়তৰ ধোৰাৰঘাট ২য় খণ্ডত যোৱা দুদিন পূৰ্বে অনুমান আবেলি ৪ মান বজাত এজন যুৱকৰ আক্ৰমনত ৰফিকুল হক নামৰ যুৱকজনক ব্লেডেৰে গুৰুতৰ ভাবে আক্ৰমন কৰি হত্যাৰ চেষ্টা কৰে।

উক্ত আহত যুৱকজনক লোকৰ সহযোগত আৰু বালাজান আৰক্ষী চকীৰ সহযোগত ততাতৈয়াকৈ গৌৰীপুৰ চৰকাৰী গ্ৰাম্য চিকিৎসালয়ত প্ৰেৰন কৰি চিকিৎসা কৰা হয়। জানিব পৰা মতে হত্যাৰ চেষ্টা কৰা যুৱকজন ঘৰ গৌৰীপুৰৰ ধোৰাৰঘাটৰ ২য় খণ্ডৰ ভুটটুৰ বাপ্পি বুলি চিনাক্ত কৰা হৈছে। আহত ৰফিকুল হকৰ পৰিয়ালৰ লোকে যোৱা কালি গৌৰীপুৰ থানাত এখন এজাহাৰ দাখিল কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।