অত্যাধুনিক পদ্ধতিৰে মৎস উৎপাদন গহপুৰ চাৰিখেলীয়া গাঁৱৰ এজন উচ্চ শিক্ষিত যুৱকৰ

 08/23/2019 - 13:25

গঢ়পুৰঃ মনত অদম্য সাহস আৰু ইচ্ছা শক্তি থাকিলে জীৱনত চৰকাৰী সংস্থাপনলৈ বাট নাচাই নিজাববীয়াকৈ অত্যাধুনিক পদ্ধতিৰে বিভিন্ন ধৰনেৰে স্বাৱলম্বিতাৰ পথ বাচি উলিয়াব পাৰি তাৰ এক উদাহৰন দাঙি ধৰিবলৈ সক্ষম হ'ল গহপুৰ চাৰিখেলীয়াৰ এজন উচ্চ শিক্ষিত যুৱক উদিপ্ত হাজৰিকাই।

অসমৰ অৰ্থনীতি ক্ষেত্ৰখন অধিক টনকিয়াল কৰাৰ আশাৰে Bioflok fishing পদ্ধতিৰে মৎস উৎপাদনৰ ক্ষেত্ৰত এক অভিনৱ দিগন্তৰ সূচনা কৰিছে সমগ্ৰ উত্তৰপূৰ্বাঞ্চলৰ লগতে অসমত। বিহাৰত প্ৰশিক্ষণ গ্ৰহন কৰি চাৰিখেলীয়াৰ নিজা বাসগৃহত কম পৰিসৰ মাটি ব্যৱহাৰ কৰি মুঠ চাৰিটা টেংকিত প্ৰায় দুইৰ পৰা আঢ়ৈ লাখ টকা খৰচ কৰি উৎপাদন অব্যাহত ৰাখিছে ৰ্কচ মাছৰ লগতে ৰূপ চন্দা মাছৰ।

উল্লেখ্য যে এই পদ্ধতিৰে উৎপাদিত মৎস চাৰি মাহত প্ৰায় ১ কেজি পয্যন্ত হোৱাৰ বিপৰীতে কিন্তু সাধাৰণ পুখুৰী এটাত সেই ওজন পাবলৈ সময় লাগে প্ৰায় ১ বছৰ। ইজৰাইল, ইণ্ডোনেচিয়া, দক্ষিন কুৰিয়াৰ bioflok fishing পদ্ধতিৰে মৎস উৎপাদন কৰা এইগৰাকীয়েই হৈছে প্ৰথম যুৱক যি জন যুৱকে এতিয়া বহুতো তেওঁৰ দৰে যুৱকৰ মনত আশাৰ সঞ্চাৰ কৰিছে স্বাৱলম্বিতাৰ ক্ষেত্ৰত। এতিয়া এই গৰাকী যুৱকৰ ঘৰলৈ দৈনিক দূৰ দূৰনিৰপৰা বহুতো লোকৰ সমাগম ঘটিছে অত্যাধুনিক পদ্ধতিৰে মৎস উৎপাদনৰ ব্যৱস্থাপনাৰ বুজ ল'বলৈ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।