বিষাক্ত সৰ্পৰ জলকেলি

 08/23/2019 - 14:34

নগৰবেৰাঃ গৰমৰ পৰা সকাহ পোৱাৰ বাবে সকলো বয়সৰ মানুহৰ লগতে জীৱ কুলেও কৰে জলকেলি। এয়া তেনেই স্বাভাৱিক। বুধবাৰে বৰপেটা জিলাৰ উজিৰৰ চৰ গাঁৱত প্ৰচণ্ড ৰ’দত পানীত জলকেলি কৰিছে দুটা বিষাক্ত সাপে। প্ৰায় ৩০ মিনিটৰো অধিক সময় দুয়োটা সাপে এনেদৰে জলকেলি কৰি থাকিল।

বিষাক্ত সৰ্পৰ এই জলকেলি ৰাইজে উপভোগ কৰাই নহয়, মোবাইলত আৱদ্ধ কৰে এই ধুনীয়া দৃশ্য। সম্প্ৰতি বিষাক্ত সৰ্পৰ এই জলকেলি ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।