হাজোত কিশোৰী নিৰ্যাতনকাৰীক ৰাইজৰ ঔকিল

 08/23/2019 - 19:13

কামৰূপঃ হাজোৰ সৌৰামুৰীত ডাক্তৰক ঔকিল ৰাইজৰ। ঘৰত কোনো নথকাৰ সুযোগ লৈ ডাক্তৰ সোমায় এগৰাকী কিশোৰী ঘৰত। ঘৰত সোমাই অকলে থকা কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলায় ডাক্তৰে। আচলতে এইজন লম্পটৰ নাম ডাক্তৰ ওৰফে চাহাবুদ্দিন আলী।

চাহাবুদ্দিনে ছাগলী ঘাঁহ খুৱাবলৈ আহি কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলায়। পাছত কিশোৰীগৰাকীৰ চিঞৰ বাখৰত চুবুৰীয়া আহি ডাক্তৰক বিদ্যুতৰ খুঁটাত বান্ধি গৰু পিটন দিয়ে। অৱশেষত ঘটনাস্থলীত কঞা আৰক্ষী উপস্থিত হৈ চাহাবুদ্দিনক থানালৈ লৈ যায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।