গোৱালপাৰা জিলাৰ বৰপাথাৰত আছাদ আলী নামৰ যুৱক এজনৰ বিদ্যুত স্পৃষ্ট হৈ কৰুণ মৃত্যু

 08/24/2019 - 12:09

বকোঃ গোৱালপাৰা জিলাৰ ৰংজুলি থানাৰ অন্তৰ্গত বৰপথাৰত শুকুৰবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা। গাঁওখনৰ আছাদ আলী নামৰ এজন যুৱক বিদ্যুতস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি লয়। নিজ দোকান ঘৰত বিদ্যুতৰ মিটাৰ সংযোগ দিবলৈ গৈ ১১ হাজাৰ ভল্টৰ তাঁৰত লাগি বিদ্যুতস্পৃষ্ট হৈ থিতাতে মৃত্যু হয় যুৱকজনৰ।

ইপিনে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। নিয়ম মতে বিভাগৰ কৰ্মচাৰী সকলে বিদ্যুত মিটাৰ সংযোগ দিব লাগে যদিও কি যুক্তিত গ্ৰাহক (যুৱক) জনৰ হাতত বিদ্যুত মিটাৰ দি সংযোগ দিবলৈ কোৱা হৈছিল? বিদ্যুৎ বিভাগৰ এনে অৱহেলাৰ বিৰুদ্ধে স্থানীয় প্ৰতিবাদ সাব্যস্ত কৰি মৃতকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰো দাবী জনাইছে ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।