মানকাচৰ বিদ্যুৎ বিভাগৰ চৰম গাফিলতিঃ ২৪ ঘণ্টাৰ ভিতৰত যোগান ধৰে ২/৩ ঘণ্টা

 08/24/2019 - 15:38

মানকাচৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত মানকাচৰ বিদ্যুৎ বিভাগত চলি আছে চৰম গাফিলতি। বৃহত্তৰ মানকাচৰ অঞ্চলত বৰ্তমান ২৪ ঘণ্টাৰ ভিতৰত মাত্ৰ ২/৩ ঘণ্টা বিদ্যুৎ যোগান ধৰে বিদ্যুৎ বিভাগে। এই ২/৩ ঘণ্টা বিদ্যুৎ যোগানত চলি আছে চৰম গাফিলতি। ষ্টেব্লেইজাৰ অবিহনে দিনতে নচলে বৈদ্যুতিক বাল্ব। এই প্ৰচণ্ড গৰমত সঘনাই কৰা বিদ্যুতৰ লুকা-ভাকুত অতিষ্ঠ জিলাবাসী।

জানিব পৰা মতে নিয়মীয়াকৈ বিদ্যুৎ যোগানৰ দাবীত ৰাইজে প্ৰতিবাদ কৰি আহিছে যদিও বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ পৰিৱৰ্তে বিদ্যুৎ কৰ্তন আগতকৈ বৃদ্ধি কৰিছে আৰু বিদ্যুতৰ ভল্টেজ হ্ৰাস কৰিছে বুলি অভিযোগ উঠিছে। উল্লেখ্য যে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত বিভন্ন অঞ্চলত দিনে-ৰাতিয়ে ০ (শূন্য) ভল্টেজ বিদ্যুৎ যোগান ধৰিছে বিদ্যুৎ বিভাগে।

ৰাইজে বিদ্যুৎ কাৰ্যালয়ত অভিযোগ দিয়াৰ পিছতো বিদ্যুৎ বিভাগৰ তৰফৰ কোনো ধৰণৰ পদক্ষেপ নোলোৱাত ক্ষুব্ধ হৈছে জিলাবাসী। অনাগত দিনত বিদ্যুৎ বিভাগে যদি বিদ্যুৎ যোগান নিয়ামীয়া কৰাৰ লগতে ভল্টেজ বৃদ্ধি নকৰে তেনেহ’লে বৃহত্তৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ৰাইজে তীব্ৰ গণ আন্দোলন গঢ়ি তুলিব বুলি জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।