ডিগবৈত অবৈধ কাঠ কঢ়িওৱা ট্ৰাক জব্দ বিভিন্ন সংগঠনৰ

 08/25/2019 - 17:22

ডিগবৈঃ এতিয়া যেন বন ধ্বংস যজ্ঞত নামি পৰিছে কাঠ মাফিয়াসকল। বনাঞ্চলসমূহৰ পৰা শ শ জোপা মূল্যবান গছ কাটি কাঠ মাফিয়াসকলে দৈনন্দিন ২০-৩০ খন বাহনে চোৰাং কাঠ কঢ়িয়াই নিয়াৰ যেন এক প্ৰতিযোগিতাত নামি পৰিছে। ধাৰাবাহিকভাৱে অৰুণাচলৰ পৰা এনেদৰে কাঠ কঢ়িয়াই নিয়াৰ সময়তে শনিবাৰে ডিগবৈত নিশা অবৈধ কাঠ কঢ়িওৱা ট্ৰাক জব্দ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু ডিগবৈ যুৱ কংগ্ৰেছে।

AS 01 GC- 9017 নম্বৰৰ ট্ৰাকখন অৰুণাচলৰ নামচিকৰ পৰা কাঠখিনি আনি থাকোতে জব্দ কৰে৷ ট্ৰাকখনৰ গৰাকী ৱাজিৰ খানে জব্দ কৰা সংগঠনক টকা দি মেনেজ কৰিবলৈ চেষ্টা কৰিছিল যদিও সংগঠনৰ কৰ্মীসকল মান্তি নহৈ সমগ্ৰ দৃশ্য মোবাইল কেমেৰাত বন্দী কৰিছিল সংগঠনটোৱে।

উল্লেখযোগ্য যে জাগুণ আঞ্চলিক বন বিষয়া পদুম বৰপাত্ৰ গোহাঁইয়ে সংগঠনটোক জানিবলৈ দিছিল যে যেতিয়ালৈকে অৰুণাচল বন বিভাগে তেওঁলোকৰ ষ্টক আৰু TP বিষয়ে অৱগত নকৰে তেতিয়ালৈকে জাগুণত কোনো ধৰণৰ Leavey কটা নহ’ব। তাৰ পাছত কি দৰে এনেকৈ কাঠ কঢ়িয়াই থকাত সন্দেহৰ আঙুলি এতিয়া সম্পূৰ্ণ বনবিভাগৰ ওপৰত বুলি অভিযোগ তুলিছে সংগঠনটোৱে। আজি থানাত ছাত্ৰ মুক্তিয়ে এজাহাৰ দাখিল কৰিছে৷ ডিগবৈ বন বিভাগতো ওতঃপোতভাৱে সম্পূৰ্ণ কাঠ মাফিয়াৰ লগত জড়িত থকাৰ অভিযোগ তুলিছে সংগঠনকেইটাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।