মঙলদৈঃ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ প্ৰিয় শিষ্য লেচাকোনীয়া গোৱিন্দ্ৰ আতৈয়ে এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰৰ বাবে দৰঙলৈ আহি প্ৰতিষ্ঠা কৰা ঐতিহ্যমণ্ডিত খটৰা সত্ৰত শনিবাৰে পালন কৰিলে নন্দ উৎসৱ। কৃষ্ণৰ জন্মৰ পিছত আনন্দত আত্মহাৰা হৈ গকুলবাসীয়ে দধি, দুগ্ধ, ঘিউ, মধু গাত সানি আনন্দত আত্মহাৰা হৈ মাটিত বাগৰি বাগৰি এই উৎসৱ পালন কৰিছিল গকুলত৷
কিন্তু পৰাম্পৰাগতভাৱে লেচাকোনীয়া গোৱিন্দ্ৰ আতৈয়ে ৪৫০ বছৰ পূৰ্বে প্ৰতিষ্ঠা কৰা এই খটৰা সত্ৰত প্ৰতিষ্ঠা কালৰে পৰা এই উৎসৱ জন্মাষ্টমীৰ পিছ দিনা পালন কৰি আহিছে৷ ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে ভকতসকলে সত্ৰত নাম-কীৰ্ত্তন কৰি নিদিষ্ট ঠাইত গকুলবাসীৰ দৰে দধি, দুগ্ধ, ঘিট, মধু গাত সানি মাটিত বাগৰি বাগৰি আনন্দত আত্মহাৰা হৈ এই উৎসৱ পালন কৰে৷
প্ৰবাদ আছে এই নন্দ উৎসৱত মাটিত বাগৰি বাগৰি যি সকল ভক্তই অংশগ্ৰহণ কৰে তেঁওলোকৰ চালৰ ৰোগ নহয় আৰু নন্দ উৎসৱত ব্যৱহৃত ভক্তৰ পদধুলিৰ ফোট ললে জ্বৰ-কাঁহ আদি ৰোগত ভুগি থকা ৰোগীয়ে আৰোগ্য লাভ কৰে৷ সেয়ে নন্দ উৎসৱৰ পিছত মহিলাসকলে নন্দ উৎসৱত ব্যৱহৃত বোকাময় মাটি আলফুলে ঘৰলৈ লৈ যায় আৰু সজতনে ঘৰত ৰাখি থয়৷
লোক বিশ্বাস অনুসৰি জ্বৰ-কাঁহ হ’লে সেই পদধূলিৰ ফোট লৈ ৰোগৰ আৰোগ্য কামনা কৰে৷ নন্দ উৎসৱৰ অন্তত ভক্তসকলে খটৰা সত্ৰৰ বৰপুখুৰীত স্নান কৰি পৱিত্ৰতা অৰ্জন কৰাৰ লগতে ধৰ্মীয় পৰাম্পৰা ৰক্ষা কৰে৷ পৰাম্পৰাগত নন্দ উৎসৱ পালনে খটৰা সত্ৰৰ আধ্যাত্মিক ভক্তি ৰসৰ সীমাহীন আনন্দ উল্লাহত বুৰ যোৱাৰ লগতে সমন্বয়ৰ বাৰ্তা বহন কৰিছে।