হৰদত্ত বীৰদত্ত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত জাপিয়া ভাই ভাই ক্লাবৰ জয়লাভ

 08/25/2019 - 21:08

ৰঙিয়াঃ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আৰম্ভ হোৱা হৰদত্ত বীৰদত্ত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত জাপিয়া ভাই ভাই ক্লাবে উদ্বোধনী খেলত ২-০ গলৰ ব্যৱধানত জয় লাভ কৰিছে। ৰঙিয়া ঢোলকুছি ট্ৰাইবেল সংঘৰ লগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ প্ৰধম অৰ্ধত পেনাল্টিৰে প্ৰথম গলটো দিয়াৰ পিছত দ্বিতীয় অৰ্ধৰ অন্তিম মুহূৰ্তত আনটো গল দিয়ে ভাই ভাই ক্লাবে।

অসম চৰকাৰৰ জলসিঞ্চন, ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতা উপস্থিত থকা প্ৰতিযোগিতাখনত ভাৰতীয় খেল প্ৰাধীকৰণৰ গুৱাহাটী আঞ্চলিকৰ সঞ্চালক ড° সুভাষ বসুমতাৰীয়ে খেলখন উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানৰ প্ৰাকমুহূৰ্তত প্ৰতিযোগিতাখনৰ পতাকা উত্তোলন কৰে অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰ প্ৰাপ্ত সঞ্চালক প্ৰশান্ত বুজৰবৰুৱা আৰু শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে ফুটবল প্ৰতিযোগিতাখনৰ কাৰ্যকাৰী সভাপতি ৰঞ্জন উপাধ্যায়ে।

পতাকা উত্তোলনৰ প্ৰকমুহূৰ্তত দেশৰ প্ৰাক্তন বিত্ত মন্ত্ৰী তথা সাংসদ অৰুণ জেটলীৰ মৃত্যুত গভীৰ সমবেদনা জ্ঞাপন কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয়। উদ্বোধনী অনুষ্ঠানটোৰ লগত সংগতি ৰাখি কেইবাগৰাকী ৰাষ্ট্ৰীয় খেলুৱৈক সম্বৰ্ধনা জনোৱা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।