'আমাক ঈশ্বক্সৰে' ছবিখনৰ অডিশ্যন সম্পন্ন

 08/26/2019 - 15:33

বিলাসীপাৰাঃ কেইগৰাকী প্ৰতিভা সম্পন্ন উদীয়মান যুৱকৰ প্ৰচেষ্টাত নিৰ্মাণ কৰা হৈছে এখনৰ পিছত এখনকৈ আধুনিক ছবি। গোৱালপৰীয়া, ৰাজবংশী, বাংলা আৰু সান্তালি ভাষাত কেইবাখন পূৰ্ণ দৈৰ্ঘ্যৰ ছবি আৰু কেইবা শতাধিক মিউজিক এলবাম তৈয়াৰ কৰি এক প্ৰকাৰৰ অভিলেখ ৰচনা কৰিছে পশ্চিম অসমৰ কেইগৰাকী উদীয়মান যুৱকে।

বিলাসীপাৰা মহকুমাৰ টিলাপাৰাৰ ৰাহিমুল খান, বগৰীবাৰীৰ নাজিমুল হক আৰু কোকৰাঝাৰ জিলাৰ গোসাঁই গাঁৱৰ ছাঞ্জু সৰকাৰ নামৰ যুৱক কেইজনৰ প্ৰচেষ্টাত ইতিমধ্যে নিৰ্মাণ হৈছে কেইবাটাও ভাষাৰ বহুতো পূৰ্ণ দৈৰ্ঘ্যৰ ছবি আৰু মিউজিক এলবাম। ৰাহিমুল খান আৰু ছাঞ্জু সৰকাৰ তথা আৰ কে প্ৰডাকচনৰ পৰিচালনাত নতুনকৈ নিৰ্মাণ হ'ব লগীয়া সান্তালী ভাষাৰ "আমাক ঈশ্বক্সৰে" ছবিখনৰ এটি গান ইতিমধ্যে ৰিলিজ কৰিছে পৰিচালনা সমিতিয়ে।

শনিবাৰ আৰু দেওবাৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কোকৰাঝাৰ জিলাৰ গোসাঁই গাঁৱত আয়োজন কৰা হয় ছবিখনৰ অডিশ্যন। বিভিন্ন স্থানৰ বহুতো প্ৰতিভা সম্পন্ন শিল্পীয়ে অংশ গ্ৰহণ কৰে এই অডিশ্যন কাৰ্যসূচীত। কম সময়ৰ ভিতৰতে পৰিচালনা সমিতিয়ে নৱ নিৰ্মাণ হ'বলগীয়া ছবিখনৰ অডিশ্যনৰ আয়োজন কৰিব পশ্চিমবঙ্গ আৰু ঝাৰখণ্ডত। নতুনকৈ নিৰ্মাণ হ'বলগীয়া 'আমাক ঈশ্বক্সৰে' সান্তালি ছবিখনে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিব বুলি আশা কৰিছে উদ্যোক্তাসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।