তীব্ৰ খৰাঙৰ কৱলত বটদ্ৰৱাৰ কৃষিভূমিঃ কানসাৰ নাই জলসিঞ্চন বিভাগৰ

 08/26/2019 - 15:36

বটদ্ৰৱাঃ নগাঁও জিলাৰ পশ্চিমাঞ্চলত এইবাৰ খৰাঙৰ কৱলত পৰিছে শ শ বিঘা শালি ধানৰ খেতি৷ আন বছৰৰ তুলনাত এইবাৰ শাওণ মাহত বৰষুনৰ পৰিমান অতি কম হোৱাৰ কাৰণে পানীৰ অভাৱত পথাৰৰ ৰোৱা তলীত ছিঁৰাল ফাট দিয়াত কৃষকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ জলসিঞ্চন উত্তোলন কেন্দ্ৰ থাকিও আজিকোপতি জলসিঞ্চনৰ কোনো সুবিধা লাভ নকৰা বটদ্ৰৱা সমষ্টিৰ কাছমাৰী, হাঁহচৰা, টুকুৰাবাহী, ধিঙৰবৰি, পুখুৰীপাৰ আদি শালিধানৰ পথাৰ সমূহত সহস্ৰাধিক বিঘা কৃষিভূমি খৰাঙৰ কৱলত পৰি নষ্ট হোৱাৰ উপক্ৰম হৈছে৷

হাঁহচ’ৰা আৰু পোন কাছমাৰী পথাৰত প্ৰায় ২০ বিঘা মাটিত খেতি কৰা চকলাঘাটৰ যুৱ কৃষক তৰুণ শইকীয়াই এই সম্পৰ্কে কয় যে আমাৰ শালিখেতি পানীৰ অভাৱত নষ্ট হোৱাৰ উপক্ৰম হৈছে৷ বহুখিনি ধানখেতি সম্প্ৰতি ৰঙা পৰি গৈছে আৰু পানীৰ অভাৱত বহখিনি ধানখেতি বনে নষ্ট কৰিছে৷ বিশেষকৈ মূৰফুলা আৰু বাঁহপতীয়া বনে প্ৰায়বোৰ কৃষকৰে বাম চানেকীয় মাটিৰ ধানখেতি চানি ধৰিছে৷ জলসিঞ্চনৰ কোনো সুবিধা নথকাত এতিয়া মূৰেকপালে হাত দিয়াৰ বাদে অন্য বিকল্প নাই এই অঞ্চলৰ কৃষক ৰাইজৰ হাতত৷

ইফালে পথাৰত পানীৰ অভাৱত কৃষকে হাহাকাৰ কৰি থকাৰ পিছতো জলসিঞ্চন বিভাগৰ কোনো কানসাৰ নাই৷ নগাঁও জিলাৰ কলং-কপিলী সংমণ্ডলৰ অন্তৰ্গত কাছমাৰী জল উত্তোলন কেন্দ্ৰৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবেই ৰাইজে এই অতি প্ৰয়োজনীয় সময়ত পথাৰত পানী পোৱা নাই বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় কৃষকসকলে৷ বৰ্তমান পানীৰে ভৰি থকা সোনাই নৈৰ ওপৰত থকা কাছমাৰী জল উত্তোলন কেন্দ্ৰৰ পৰা খৰাংপীড়িত বহুকেইখন পথাৰলৈ পানী দিব পৰা সক্ষমতা আছে যদিও ৰাইজৰ ধন শৰাধ কৰি অহা জলসিঞ্চন বিভাগৰ সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলে খৰাঙৰ কৱলত পৰা দুৰ্ভগীয়া কৃষকসকলক সকাহ দিৱলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷

একেদৰে সভাই সমিতিয়ে সততে কৃষি অৰ্থনীতিৰ কথা কৈ অহা স্থানীয় বিধায়িকা আঙুৰলতা ডেকায়ো যেন কৃষকৰ এই বিপদৰ সময়ত তেওঁলোকৰ পৰা বহুযোজন দুৰত অৱস্থান কৰিছে৷ কিয়নো খৰাঙে সমষ্টিৰ কৃষি পথাৰ দহি থকাৰ সময়ত কৃষকসকলৰ খা খবৰ ল’বলৈ তেওঁৰ লগতে সাংগোপাংগোসকলৰ সময়ৰ অভাৱ হোৱা দেখা গৈছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।