বৰপেটাত আৰক্ষীৰ জালত পৰিছে দুটাকৈ বাইক চোৰ

 08/26/2019 - 16:28

বৰপেটাঃ বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীৰ জালত পৰিছে দুটাকৈ বাইক চোৰ। বাইক চুৰিৰ লগত জড়িত থকাৰ অভিযোগত তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসৰ তৎপৰতাত আটক হোৱা চোৰ দুটা ক্ৰমে গণকপাৰাৰ ইমৰাণ খান(২১) আৰু হৰিপুৰ বিলপাৰাৰ আছাদুল মিঞা(২৩)। বহৰি বজাৰত থকা আছাদুল মিঞাৰ গেৰেজৰ পৰা তাৰাবাৰী আৰক্ষীয়ে জব্দ কৰে এখন চুৰি হোৱা গ্লেমাৰ বাইক।

জব্দ কৰা বাইকখনৰ নম্বৰ AS14H-1662 । ধৃত চোৰ দুটাৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে বুলি জানিবলৈ দিয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসে। দেওবাৰে বিয়লি বাইক চুৰিৰ অভিযোগত আটক কৰা চোৰ দুটাক আজি আদালতত হাজিৰ কৰাব বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।