নগাঁৱত দিবা-নৈশ ভলীবল প্ৰতিযোগিতাঃ আলীটাঙনী ভলীবল ক্লাব চূড়ান্ত বিজয়ী

 08/26/2019 - 17:18

বটদ্ৰৱাঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত মাহেৰীপাৰ আঞ্চলিক সমিতিৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হোৱা দিবা- নৈশ প্ৰাইজমানী ভলীবল প্ৰতিযোগিতাত আলিটাঙনী ভলীবল ক্লাবে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে।

মাহেৰীপাৰ এম ই মাদ্ৰাছা খেলপথাৰত অনুষ্ঠিত হোৱা দিবা-নৈশ ভলীবল প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মুঠ ৮ টা দলে অংশগ্ৰহণ কৰে। আমছুৰ নগাঁও জিলা সমিতিৰ সভাপতি আব্দুল ৰহিম আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি নজৰুল ইছলামে শুভ উদ্বোধনী কৰা ভলীবল প্ৰতিযোগিতাত আলীটাঙনী ভলীবল ক্লাব আৰু মৰিগাঁও ভলীবল ক্লাবৰ মাজত অনুষ্ঠিত হোৱা তীব্ৰ উত্তেজনাপূৰ্ণ চূড়ান্ত খেলখনত মৰিগাঁও ভলীবল ক্লাবক ২-১ ৰ ব্যৱধানত পৰাস্ত কৰি আলিটাঙনী ভলীবল ক্লাবে চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰে।

খেলত আলিটাঙনী ভলীবল ক্লাবৰ অধিনায়ক আজমল কবিৰে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। খেলত মুখ্য অতিথি হিচাপে আমছুৰ উপদেষ্টা আজিজুৰ ৰহমান, সধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন কবিৰৰ লগতে প্ৰায় সহস্ৰাধিক লোক উপস্থিত আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।