মাতৃৰ হত্যাৰ ন্যায় বিচাৰি ৰাজপথত কণমানি পুত্ৰ

 08/26/2019 - 17:50

মিৰ্জাঃ সোমবাৰে পলাশবাৰীত মাতৃ হত্যাৰ প্ৰতিবাদত পুনৰ উত্তাল হ'ল। মাতৃ হত্যাৰ প্ৰতিবাদত শতাধিক মহিলাৰ লগত উচিত ন্যায় বিচাৰি এগৰাকী কনমাণিয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলে ঘেৰাও কৰিলে পলাশবাৰী চক্ৰ বিষয়াৰ কাৰ্য্যলয়। উল্লেখ্য যে যোৱা ২০ আগষ্টৰ নিশা পলাশবাৰীৰ কান্দুপুৰ নিবাসী কৃষ্ণ দাস নামৰ লোকজনে মাতৃ-ভগ্নিৰ সৈতে মিলি তেওৰ পত্নী কবিতা বৰুৱাক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগত উত্থাপিত হৈছে। ছোৱালীৰ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি তিনি সন্তানৰ মাতৃ কবিতা বৰুৱাৰ মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড।

কবিতাৰ স্বামী কৃষ্ণ দাস আৰু কৃষ্ণ দাসৰ ভগ্নী পবিতা দাসৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলিছে পৰিয়াল তথা স্থানীয় লোকে। কবিতা বৰুৱাৰ পৰিয়ালৰ লোকৰ ভাষ্য অনুযায়ী বিবাহৰ পিছৰে পৰা স্বামী কৃষ্ণ দাসৰ অকথ্য নিৰ্যাতনৰ বলি হৈ আহিছিল কবিতা বৰুৱা। স্বামীৰ শাৰীৰিক মানসিক অত্যাচাৰ সহিব নোৱাৰি বহুবাৰ স্বামীগৃহ ত্যাগ কৰি আহিছিল কবিতাই। পিছত সন্তান তিনিটাৰ বাবে এক সুখৰ সংসাৰ কৰাৰ নিমিত্তে উভতি গৈছিল স্বামী গৃহলৈ। কিন্তু যোৱা ২০ আগষ্টৰ নিশা ৰহস্যজনকভাৱে চিপ লোৱা অৱস্থাত ঘৰতে উদ্ধাৰ হৈছিল কবিতা বৰুৱাৰ মৃতদেহ।

এই মৃত্যক সহজ ভাবে লব পৰা নাই পৰিয়ালৰ লোকে যাৰ বাবে পৰিয়ালৰ লোকে কৃষ্ণ দাস, ভনীয়েক পপিতা দাস, কৃষ্ণ দাসৰ মাতৃ আৰু ভাতৃৰ বিৰুদ্ধে পলাশবাৰী আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছিল। এই এজাহাৰৰ ভিত্তিতে পলাশবাৰী আৰক্ষী থানাই স্বামী, ভগ্নি আৰু মাতৃক গ্ৰেপ্তাৰ কৰি জেল হাজোটলৈ প্ৰেৰণ কৰিছে। উত্তেজিত ৰাইজে পলাশবাৰী আৰক্ষী থানা ঘেৰাও কৰাৰ লগতে স্বামী কৃষ্ণ দাসৰ গৃহ লণ্ড ভণ্ড কৰি চোতালতে সামগ্ৰী সমূহ জ্বলাই দি সাব্যস্ত কৰিছিল প্ৰতিবাদ ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।