বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক ভাগৱতী কামিনী মোহন তালুকদাৰৰ দেহাৱসান

 08/27/2019 - 15:41

ডিজিটেল ডেস্কঃ নাম ধৰ্মৰ একান্ত সাধক, গুৰুজনাৰ এক শৰণ ধৰ্মক প্ৰচাৰ আৰু প্ৰসাৰত সুদীৰ্ঘ বছৰ ধৰি একনিষ্ঠ ভাৱে আত্মনিয়োগ কৰি অহা কামিনী মোহন তালুকদাৰৰ সোমবাৰে আকস্মিক ভাৱে পৰলোক প্ৰাপ্তি হয়| বাচেৰে চিৰাজুলিলৈ গৈ থকা সময়তে ওৰাঙৰ ওচৰত তেওঁ বাচতে ঢলি পৰে| ততাতৈয়াকৈ ওৰাঙৰ হস্পিতাললৈ নিয়া হয় যদিও চিকিতসকে তেওঁক মৃত ঘোষণা কৰে| মৃত‍্যু সময়ত তেঁওৰ বয়স আছিল ৬৭ বছৰ। ভাগৱতী মামা ৰূপে সকলোৰে পৰিচিত তালুকদাৰ দেৱৰ বিয়োগৰ এই আকস্মিক খবৰ নিমিষতে গেলাবিল ,ধনশিৰি ঘাট ,ওৰাং ,ৰৌতা ,ওদালগুৰি লোকে শোক প্ৰকাশ কৰে লগতে বিভিন্ন স্থানৰ পৰা উপস্থিত হোৱা অগনন লোকে তেওঁক শ্ৰদ্ধাঞ্জলি জনায়| ইয়াৰ পিছত তেওঁক ৰৌতা সত্র আৰু ভেলাপাৰা সত্রলৈ নিয়া হয়| উক্ত স্থানত শোকাকুল জনতাই শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত তেখেতৰ জন্মস্থান বৰপেটা গজিয়াত অন্ত‍্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

এক শৰণ নাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে সত্রীয়া সংস্কতিৰো আছিল তেওঁ এজন বিশিষ্ট শিল্পী| বিশেষকৈ থিয় নামৰ লগতে বৰগীতক শুদ্ধৰূপত পৰিবেশন কৰাত সদায়ে গুৰুত্ব দি অহা তালুকদাৰ দেৱে বিভিন্ন স্থানত নামদলৰ সৃষ্টি কৰিছিল| তেওঁৰ উদ্যোগতে অসমৰ বিভিন্ন স্থানত কেইবাটিও নাম দলৰ গঠন হয়| বৈষ্ণৱ সাহিত্য সংস্কৃতিৰ বিষয়ে অসমৰ বিভিন্ন ঠাইত এগৰাকী জনপ্ৰিয় বক্তা ৰূপে পৰিচিত তালুকদাৰ দেৱৰ সুললিত কণ্ঠৰ ভাগৱত পাঠে সকলোকে মুগ্ধ কৰিছিল| তেঁও মৃত‍্যুত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।