কোকৰাঝাৰ শাখা ইউকো বেংকত জালিয়াতিৰ অভিযোগঃ আনৰ একাউণ্টেৰে সৰকালে ঋণৰ ধন

 08/27/2019 - 15:42

কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰস্থিত ইউকো বেংকত এগৰাকী ব্যক্তিয়ে আন এগৰাকী ব্যক্তিৰ (গ্ৰাহক) একাউণ্ট ব্যৱহাৰ কৰি জালিয়াতিৰে গোপনে ঋণ লোৱাৰ এটা ঘটনা পোহৰলৈ আহিছে৷ এই সন্দৰ্ভত আজি জালিয়াতিৰ বাবে সৰ্বস্বান্ত হোৱা প্ৰকৃত একাউণ্টৰ গৰাকী কামাল মণ্ডলে কোকৰাঝাৰ সদৰ থানাত এক এজাহাৰ দাখিল কৰিছে৷ ভুুুুক্তভোগী কামাল মণ্ডলে এজাহাৰত উল্লেখ কৰা মতে যোৱা ২০১৭ চনৰ ২০ ফেব্ৰুৱাৰীত কোকৰাঝাৰ শাখা ইউকো বেংকত তেওঁ এটা একাউণ্ট খুলি নিয়মীয়াকৈ টকা-পইচাৰ লেনদেন কৰি থাকে৷

কিন্তু তাৰ মাজতে আচামী তথা জালিয়াতিৰ সৈতে জড়িত শুকুৰ আলী আকন্দে পূৰ্বৰ বেংক প্ৰৱন্ধকগৰাকীৰ সৈতে লগলাগি এজাহাৰকাৰী কামাল মণ্ডলৰ নামত ২০১৪ চনত কেচিচিৰ ঋণ লয়৷ আচামীজনে বেংকৰ পৰা ২৫,০০০(পচিশ হেজাৰ) টকাৰ ঋণ লৈছিল যদিও সেয়া সুতে-মূলে মিলি এতিয়া ৩৫,০০০ (পয়ত্ৰিশ)হেজাৰ টকা হৈছেগৈ৷

অথচ বেংকৰ পৰা ঋণ নোলোৱা কামাল মণ্ডলৰ একাউণ্ট নম্বৰ ০৪৯৫০১১০১০৮১৩ ৰ পৰা বৰ্তমানৰ প্ৰৱন্ধকগৰাকীয়ে ঋণৰ টকা কৰ্তন কৰাত কামালৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে৷ দুৰ্ভগীয়া কামালৰ প্ৰশ্ন যে তেওঁৰ একাউণ্ট নম্বৰৰ সৈতে আচামী শুকুৰ আলী আকন্দৰ একাউণ্ট নম্বৰ কেনেকৈ একে হ’ল নে বেংকৰ কোনো বিষয়া এই জালিয়াতিৰে সৈতে জড়িত আছে৷ সেয়ে আৰক্ষীয়ে সমগ্ৰ জালিয়াতি সন্দৰ্ভত যাতে উচিত তদন্ত কৰি ন্যায় প্ৰদান কৰে তাৰ বাবে ঘটনা সন্দৰ্ভত ভুক্তভোগী কামালে কোকৰাঝাৰ সদৰ থানাত এক গোচৰ ৰুজু কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।