অৱশেষত আৰক্ষীৰ জালত পৰিল পত্নী-পুত্ৰ হত্যাকাৰী ইয়াকুব আলী

 08/27/2019 - 16:01

নগৰবেৰাঃ এক নৃশংস হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গৈছিল গোৱালপাৰাৰ সিধাবাৰী অঞ্চল। ২২ আগষ্টৰ পুৱাই সিধাবাৰীৰ কলিতা পাৰাৰ এখন কালভাৰ্টৰ ভিতৰত উদ্ধাৰ হৈছিল দুটাকৈ মুণ্ডহীন মৃতদেহ। মাতৃ আৰু চাৰি বছৰীয়া পুত্ৰৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ।

মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত গোসাঁইবৰী গাঁৱৰ ইয়াকুব আলীয়ে তেওঁৰ পত্নী জায়েদা বানু আৰু ৪ বছৰীয়া পুত্ৰক দাৰে ঘপিয়াই হত্যা কৰি কালভাৰ্টৰ ভিতৰত পেলাই থৈ যায়। পাছত এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰি আত্মগোপন কৰে হত্যাকাৰী ইয়াকুব আলী। অৱশেষত দেওবাৰে নিশা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় ইয়াকুব আলী। মাটিয়া আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে পলাতক হত্যাকাৰী ইয়াকুব আলীক। এতিয়া ৰাইজে কঠোৰ শাস্তি দাবী কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।