কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতা

 08/27/2019 - 16:44

কলিয়াবৰঃ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ব্যৱস্থাপনত আজিৰে পৰা ড° টি আও খেলপথাৰত অনুষ্ঠিত হৈছে আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতা। এই খেলৰ শুভাৰম্ভ কৰে কলিয়াবৰৰ মহকুমাধিপতি বিতুপন নেওগে৷

লগতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ সভাপতি মনি মাধৱ মহন্ত উপস্থিত থাকি শাৰিৰীক আৰু মানসিক বিকাশৰ বিষয়ে খেলুৱৈসকলক অৱগত কৰে৷ আজিৰ খেলখনত অংশগ্ৰহণ কৰে জখলাবন্ধা উচ্চ মাধ্যমিক বিদ্যালয় আৰু শিলঘাট উচ্চ মাধ্যমিক বিদ্যালয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।