লংকাৰ ন-খুটীত বিদ্যুৎস্পৃষ্ট হৈ পশুধনৰ মৃত্যু

 08/28/2019 - 20:07

লংকাঃ লংকাৰ ন-খুটীত বুধবাৰে হাৰেজ আলী নামৰ ব্যক্তিজনৰ ঘৰৰ সম্মুখেদি পাৰ হৈ যোৱা উচ্চ বিদ্যুৎসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ এডাল বিদ্যুতৰ খুঁটাৰ পৰা চিঙি হাৰেজ আলীৰ গাই গৰুজনীৰ গাত পৰাত থিতাতে মৃত্যু হয় গৰুজনী। আনহাতে কথমপি ৰক্ষা পৰে হাৰেজ আলীৰ পৰিয়াল।

লংকা উপ বিদ্যুৎ উপ সংমণ্ডলৰ কৰ্মচাৰীৰ গাফিলতিৰ আৰু সঘনাই বিদ্যুৎ পৰিবাহী তাঁৰ নিৰীক্ষণ নকৰাৰ ফলতেই এনে ঘটনা সংঘটিত হ’ল বুলি অভিযোগ আনিছে স্থানীয় ৰাইজৰ লগতে ভুক্তভোগী পৰিয়ালটোৱে। উক্ত ঘটনা সন্দৰ্ভত ভুক্তভোগী হাৰেজ আলীয়ে নখুটী আৰক্ষী পহৰা চকীত এক জাননীও দাখিল কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।