ভেকুৰ যুক্ত ব্ৰেড বিক্ৰী মৰিয়নীৰ এখন হোটেলত 

 09/02/2019 - 14:35

মৰিয়নীঃ মৰিয়নীৰ একাংশ হোটেল ৰেষ্টুৰেণ্টত এতিয়া খাদ্যৰ নামত গ্ৰাহকক যোগান ধৰি আহিছে বৰবিহ। মৰিয়নী নগৰৰ মাজমজিয়াত অৱস্থিত নীলাচল নামৰ ৰেষ্টুৰেণ্টত গ্ৰাহক যোগান ধৰা এটা ব্ৰেডত ভেকুৰৰ উপস্থিতি ধৰা পৰাত গ্ৰাহকে অভিযোগ দিব যোৱাত ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰীয়ে ওলোটাই ভুক্তভোগী গ্ৰাহকৰ লগত কাজিয়াত লিপ্ত হয়। কেৱল ইমানে নহয় ঘটনাৰ দৃশ্য সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক হোটেলখনৰ স্বত্বাধিকাৰীয়ে নিজকে এটা ৰাষ্ট্ৰীয় চেনেলৰ সাংবাদিক বুলি পৰিচয় দি বাতৰি নকৰিবলৈ  হুমকি দিয়ে।

মন কৰিবলগীয়া যে ব্ৰেডটোৰ পেকেটৰ ওপৰত নাই লাইচেন্স নম্বৰ, বেটছ নম্বৰ তথা ব্ৰেড টো তৈয়াৰৰ তাৰিখ। ইফালে এই ঘটনাটোৱে মৰিয়নীত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আনহাতে মৰিয়নীৰ বহু হোটেল ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে অপৰিস্কাৰ, গ্ৰাহকক নিম্ন খাদ্য যোগান ধৰি অহাৰ দীৰ্ঘদিনীয়া অভিযোগ উত্থাপন হৈ আহিছে যদিও খাদ্য আৰু সুৰক্ষা বিভাগে এই সমূহ হোটেলৰ বিৰুদ্ধে আজি পৰ্যন্ত গ্ৰহণ কৰা নাই কোনো পদক্ষেপ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.