ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্যতাতো নাইয়েই তেওঁৰ আনকি বিধায়ক হোৱাৰ যোগ্যতাও নাইঃ ৰঞ্জিত দাস

 04/05/2019 - 13:41

ওৰাংঃ ''ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্যতাতো নাইয়েই তেওঁৰ আনকি বিধায়ক হোৱাৰ যোগ্যতাও নাই''- ওৰাঙৰ ধনশ্ৰীঘাটত বিজেপি নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ এই মন্তব্য ৰঞ্জিত দাসৰ।

বিজেপিৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি দাসে এইবুলিও মন্তব্য কৰে যে ''বিটিএডিত বিজেপি অহাৰ পাছতহে শান্তি ঘুৰি আহিছে। গতিকে বিটিএডিৰ ৰাইজক ভাগ ভাগ কৰিব নোৱাৰে। অবড়ো আৰু বড়োক নৱ শৰণীয়াই ভাগ ভাগ কৰিছে। এইবাৰ কিন্তু নৱ শৰনীয়াই টেঙা আম বেছিব নোৱাৰে। অসমত বিজেপিয়ে ১৪ খন আসন লাভ কৰিব।''

উল্লেখযোগ্য যে ৰঞ্জিত দাসৰ নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজৰ উপস্থিতি আছিল অতি সেৰেঙা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।