বেলতলা বজাৰত ভোটভিক্ষা কুইন ওজাৰ

 04/05/2019 - 15:30

গুৱাহাটীঃ সমাগত লোকসভা নিৰ্বাচন৷ নিৰ্বাচনী প্ৰচাৰৰ নামত ৰাজনৈতিক দলসমূহে নতুন নতুন চমক সৃষ্টি কৰাত পিছ পৰি থকা নাই৷

গাঁৱে-ভূঞে সভা-সমিতি অনুষ্ঠিত কৰাৰ লগতে ঘৰে ঘৰে গৈয়ো ভোট ভিক্ষা মাগিছে প্ৰাৰ্থীসকলে। আগন্তুক নিৰ্বাচনী প্ৰচাৰৰ বাবে বিজেপি প্ৰাৰ্থী কুইন ওজাই এইবাৰ নতুন নীতি অৱলম্বন কৰি ব্যতিক্ৰমী ৰূপত ভোট খুজিছে কুইন ওজাই।

তেওঁৰ নিৰ্বাচনী প্ৰচাৰৰ স্থান হ’ল বেলতলা বজাৰ। বিভিন্ন অঞ্চলৰ পৰা সামগ্ৰী ক্ৰয় কৰিবলৈ অহা ক্ৰেতা আৰু বিক্ৰেতাসকলৰ সৈতে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে মত বিনিময় কৰাৰ লগতে ভোট ভিক্ষাও কৰে ওজাই।

উক্ত বজাৰতে বিক্ৰেতাসকলে দীৰ্ঘদিন ধৰি ভূগি অহা বিভিন্ন সমস্যাৰ বিষয়েও প্ৰাৰ্থীগৰাকীক অৱগত কৰায়। নিৰ্বাচনত জয়ী হ’লে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ওজাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।