ঘগ্ৰাপাৰত ৫৩ সংখ্যক ৰেজেক আলী সোঁৱৰণী ফুটবল প্ৰতিযোগিতা

 09/09/2019 - 16:07

ঘগ্ৰাপাৰঃ আগশাৰীৰ ক্ৰীড়া সংগঠক ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত স্থানীয় ঘগ্ৰাপাৰ হাইস্কুল খেল পথাৰত বছৰ বছৰ ধৰি চলি থকা ছৈয়দ ৰেজেক আলী সোঁৱৰণী চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতাখনি আজিৰ ৫৩ সংখ্যক উদ্বোধনী খেলত-ঘৰুৱা দল ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সন্থাই বড়োলেন্ড এফ চিক ৩-০ গলৰ ব‍্যৱধানত পৰাস্ত কৰি বিজয়ী সাব‍্যস্ত কৰে। আজিৰ উদ্বোধনী খেলখন উদ্বোধন কৰে ৰেজেক আলীৰ বৰপুত্ৰ তথা অল ইন্ডিয়া অডিট ফেডাৰেচনৰ প্ৰাক্তন সভাপতি তাইজুদ্দিন আহমেদে। ৰেজেক আলীৰ প্ৰতিচ্ছৱিত বন্তি আৰু মাল‍্যৰ্পন কৰে ক্ৰমে বনভাগ মহাবিদ্যালয় অধ‍্যক্ষ যোগেন্দ্ৰ কলিতা, ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ সভাপতি অমূল্য কলিতা।

খেলখনত অতিথি হিচাপে আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী, ক্ৰীড়া সংগঠনক ভৱেন বড়ো, ঘগ্ৰাপাৰ গাঁওপঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা। অহা ১১ ছেপ্টেম্বৰৰ দ্বিতীয় খেলত বৰমা ইউনাটে এফ চি বনাম চাংসাৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ মাজত খেল অনুষ্ঠিত হ’ব বুলি ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি তফিকুৰ ৰহমান আৰু সম্পাদক বাপন দাসে জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.