ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাত নাম বাদ পৰিল বীৰ জোৱানৰ

 09/11/2019 - 13:20

বিজনীঃ পৰিচয় সম্পূৰ্ণ বৈধ ভাৰতীয় নথিপত্ৰ থকা স্বত্বেওঁ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাত বাদ পৰিল দেশমাতৃক সেৱা আগবঢ়োৱা একেটা পৰিয়ালৰে দুগৰাকী বীৰ জোৱানৰ লগতে তেওঁৰ পৰিয়ালবৰ্গৰ নাম৷ জোৱানদুগৰাকী হ'ল বাক্সা জিলাৰ খাৰিজা বিজনী মৌজাৰ কাজিয়ামাটি গাঁওৰ বাসিন্দা তথা ভাৰতীয় সেনাত কৰ্মৰত ৰুস্তম আলী আৰু আব্দুল কালাম আজাদ৷

শেহতীয়াকৈ প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাত নাম অন্তৰ্ভূক্ত নোহোৱাত হতাশ হৈ পৰিছে পৰিয়ালবৰ্গ৷ ৰুস্তম আলীৰ পিতৃৰ ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ নথিপত্ৰ দাখিল কৰাৰ পিছতো কি কাৰনত বৰ্তমানৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাত নাম নাহিল তাক লৈ চিন্তিত হৈ পৰিছে পৰিয়ালটো৷

লগতে ৰূস্তম আলীৰ ভতিজা তথা বিএচ এফত কৰ্মৰত আব্দুল কালাম আজাদৰো নাম অন্তৰ্ভূক্ত নহ'ল এন আৰ চিৰ চূড়ান্ত তালিকাত৷ যি সময়ত নিজৰ জীৱনকো তুচ্চ কৰি একেটা পৰিয়ালৰ দুগৰাকীকৈ জোৱানে দেশমাতৃক সেৱা আগবঢ়াই আছে, তেনে ক্ষেত্ৰত কাৰ ভুলৰ বাবে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাত নাম বাদ পৰিল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ এইক্ষেত্ৰত পৰিয়ালটোৱে চৰকাৰৰ সুদৃষ্টি কামনা কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।