খাৰুপেটীয়াত অসম মহিলা পৰিষদৰ সাংগঠনিক সভা

 09/11/2019 - 14:11

খাৰুপেটীয়াঃ অগপ চৰকাৰ হ’লে গুৰুত্ব দিব শিক্ষিত যুৱক যুৱতীক। দূৰ কৰিব নিবনুৱা সমস্যা। ২০২১ চনত পুনৰুদ্ধাৰ কৰিব দলগাঁও সমষ্টি- এই মন্তব্য অসম গণ পৰিষদৰ ভগ্নী সংগঠণ অসম মহিলা পৰিষদৰ। দৰং জিলাৰ খাৰুপেটীয়াত আজি অনুষ্ঠিত এক দলীয় কৰ্মী সভাত এইদৰে মন্তব্য কৰে মহিলা পৰিষদৰ সভানেত্ৰী বৰোদা কলিতাই। দৰং জিলা মহিলা পৰিষদৰ উপ সভানেত্ৰী সূৰ্য উজ্জ্বলা ভানুৰ নেতৃত্বত অনুষ্ঠিত উক্ত কৰ্মী সভাত প্ৰায় চাৰি শতাধিক দলীয় কৰ্মী উপস্থিত থাকে। সমষ্টি পুনৰুদ্ধাৰ কৰিব পাৰিলে ৰাস্তা ঘাটৰ লগতে সমষ্টিৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে।

বিধায়ক ইলিয়াচ সমষ্টি উন্নয়নত চূড়ান্ত ভাবে ব্যৰ্থ হোৱা বুলি অভিযোগ তুলি কাৰ্যকৰী সভানেত্ৰী মামনি বৰাই কয়- আমি শিক্ষিত নিৱনুৱা যুৱক যুৱতীক লগত লৈ সমষ্টি পুনৰুদ্ধাৰ কৰিম। এসময়ত অগপৰ দুৰ্গ হিচাপে পৰিচিত দলগাঁও সমষ্টিখন বিধায়ক ইলিয়াচ আলীৰ পৰা উদ্ধাৰ কৰিব পাৰিবনে নাই সেয়া সময়েহে ক’ব?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.