মহানগৰীত অব্যাহত বাইক চোৰৰ উপদ্ৰপ

 09/11/2019 - 14:27

বশিষ্ঠঃ মহানগৰীত প্ৰতিদিনে ক্ৰমাৎ বৃদ্ধি পাইছে চোৰৰ সন্ত্ৰাস। মহানগৰীৰ ঘোৰামাৰা ঝৰ্ণা পথত নিজৰ বিয়াত বন্ধুক নিমন্ত্ৰণ জনাবলৈ গৈ হেৰুৱালে নিজৰ বাইকখন। নয়ন জ্যোতি ডেকা নামৰ যুৱকজনে বন্ধু দ্বীপেন কাকতিৰ ভাড়াঘৰলৈ আহি নিমন্ত্ৰণ জনাব যাওঁতে কেই মিনিট মানৰ ভিতৰতে নিজৰ এ এচ ০১ ডিকে ২১৫৫ নম্বৰৰ বাইক খন চোৰে লৈ উধাও হয়।

অঞ্চলটোত চোৰৰ উপদ্ৰৱ ক্ৰমাৎ বৃদ্ধি পোৱা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে। বশিষ্ঠ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.