লখিমপুৰত প্ৰতিবাদী কাৰ্য্যসূচী

 09/11/2019 - 14:38

লখিমপুৰঃ লখিমপুৰ জিলাৰ দ'লহাত কঠাল পুখুৰী ষ্টেচনত উত্তাল প্ৰতিবাদী কাৰ্য্যসূচী। প্ৰতিবাদকাৰীয়ে আবদ্ধ কৰিলে উজনিমুৱা ডেকাৰগাঁও - মূৰ্কংচেলেক ইণ্টাৰচিটি ৰে'ল। প্ৰতিখন ৰে'ল কঠাল পুখুৰী ষ্টেচনত ৰখোৱাৰ দাবীত 20 টাকৈ সংগঠনৰ যুটীয়া মঞ্চই ৰে'ল অৱৰোধ কাৰ্য্যসূচী ৰূপায়ণ কৰে বুধবাৰে। পুৱা আঠ বজাৰ পৰা হাতত লৈছিল 5 ঘণ্টীয়া ৰে'ল অৱৰোধ কাৰ্য্যসূচী। তিনিচুকীয়া অভিমুখী প্ৰতিখন ৰে'ল ৰখাবলৈ দাবী জনায় অৱৰোধকাৰী সকলে। এই অৱৰোধলৈ ওলাই আহে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় হাজাৰ হাজাৰ ৰাইজ। পাঁচ ঘন্টীয়া ৰে'ল অৱৰোধৰ কাৰ্যসূচীত প্ৰতিবাদকাৰীয়ে উত্তপ্ত কৰি তোলে কঠাল পুখুৰী ৰে'ল ষ্টেচন।

প্ৰতিবাদস্হলিত আৰক্ষী - অৰ্ধসামৰিক বাহিনীৰ লগতে ৰে'লৱে আৰক্ষীক মোতায়ন। প্ৰতিকুল বতৰকো নেওচি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সহিতে সহস্ৰাধিক প্ৰতিবাদকাৰীৰ হাতে হাতে প্লেকাৰ্ড প্ৰতিবাদী শ্ল'গান। লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ দ'লহাটৰ বৃহৎ অঞ্চলৰ লক্ষলক্ষ জনতাৰ দীৰ্ঘদিনীয়া ৰে'ল যাতায়তৰ সমস্যা, দুৰনিবতীয়া সকলো ৰে'ল কঠাল পুখুৰী ষ্টেচনত নৰখাৰ বাবে যাত্ৰী সকলে সমস্যাত ভূগিছে।

যাৰবাবেই বুধবাৰে ৰে'ল অৱৰোধৰ কাৰ্যসূচীৰ জৰিয়তে বিভাগীয় বিষয়ালৈ আহ্বান অৱশেষত দুঘন্টীয়া অৱৰোধৰ অন্তত ৰে'ল কৰ্তৃপক্ষৰ উপস্হিতিত ১৫ দিনৰ ভিতৰত ৰে'ল ৰখোৱাৰ আশ্বাস প্ৰদান কৰাত ৰে'ল অৱৰোধৰ কাৰ্যসূচী সাময়িক ভাবে স্হগিত ৰাখে আৰু ১৫ দিনৰ ভিতৰত কাৰ্যকৰী ন’হলে পুনৰ আন্দোলনৰ কাৰ্য্যসূচী লোৱাৰ ভাবুকি দিলে সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।